পৃষ্ঠা:ঘোষাৰত্ন.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯৮)

মাধৱ মধুসূদন ৰাম,   মুকুন্দ মুৰাৰি হৰি,
  ভগৱন্ত পতিত পাবন।
সংসাৰ সাগৰে পৰি,  পতিতে শৰণ মাগে,
  তাৰিয়োক প্ৰভু নাৰায়ণ॥৪৪৩
প্ৰভু বিভু ভগবন্ত,  অনন্ত শকতি ধৰ,
   গোবৰ্দ্ধন ধাৰী কৃপাময়।
তুমি সত্য গদাধৰ,   নাহি যাৰ পটন্তৰ,
  হৰিয়োক সংসাৰৰ ভয়॥৫৪৪
গোপাল গোবিন্দ ৰাম,   গোপাল গোবিন্দ ৰাম,
  মুকুন্দ মুৰাৰি ঘনশ্যাম।
শৰণে পশিলো দেৱ,  চৰণত কৰো সেৱ,
  পূৰিয়োক মোৰ মন কাম॥৫৪৫
চতুভুৰ্জ পীতাম্বৰ,   ঘনশ্যাম মনোহৰ,
  শঙ্খ-চক্ৰ-গদা-পদ্ম-ধাৰী।
দৈবকী নন্দন দেৱ,   চৰণত কৰো সেৱ,
  তুমি প্ৰভু জগবন্ধু হৰি॥৫৪৬

লেচাড়ি।

অজিত ঘুষিয়ো জয় জয়,   মায়াক নাশিয়ো গুহাশয়
  মায়াযে স্থাবৰ জঙ্গম আছে আবৰি।