নিজৰ বিষয়ে, নামটোৰ উল্লেখত বাজে প্ৰায় আন একো কথাকে নিলিখিছিল। নামটোৰ উল্লেখো এনে দীন ভাবে কৰিছিল, যে আজিকালিৰ শিক্ষিত মানুহে হয়তো তেওঁবিলাকৰ বিনয়ক কাপুৰুষতা বুলিহে ধৰিব। যিকালত বৈষ্ণৱৰ লক্ষণ আছিল,
“তৃণাদপি সুনীচেন তৰোৰিব সহিষ্ণুনা।
অমানিনা মানদেন কীৰ্ত্তনীয়ঃ সদা হৰি।”
সেই কালত বৈষ্ণৱ কবিবিলাকে নিজৰ বিষয়ে ঢোল নিপিতা একো আচৰিত হবলগীয়া কথা নহয়। সি যিকি নহওক ৺গোপাল মিশ্ৰ সম্বন্ধে আমি আন পুথিৰ পৰা কিবা জানিব পাৰোঁহক নে চাওঁহক।
৺নীলকণ্ঠ দাস নামে এজন কবিয়ে অসমীয়া পদত ৺দামোদৰ দেৱৰ এখন বিস্তৃত চৰিত্ৰ লিখি থৈ গৈছে; তাত তেও ৺গোপালমিশ্ৰ সম্বন্ধে এই দৰে উল্লেখ কৰিছে :-
“কবিৰত্নে তথা ভাগৱতক পঢম্ত
খুদিয়াত থাকি গোপালেও শুনিলন্ত॥
পঢ়িবাৰ কালে দুয়ো ইষ্টতা আছিলা।
গুৰুগৃহে দুয়ো তথা সখিত্ব কৰিল।”৫১৮
ইয়াত 'কবিৰত্ন' উপাধিৰে ভট্টদেৱক বুজোওৱা হৈছে। ভট্টদেৱে কৰা সকলো পুথিতেই তেওঁ নিজক কেৱল 'কবিৰত্ন' এই উপাধিৰেইহে বুজাইছে। তেনেহলে ইয়াৰ পৰা দেখা গ'ল যে গোপাল মিশ্ৰৰ ঘৰ খুদিয়াত আছিল; আৰু তেওঁ ভট্টদেৱৰ সহপাঠী আৰু সখীয়েক আছিল। গোপালে ভট্টদেৱক “ভাগৱত-ভট্টাচাৰ্য্য” উপাধি দিয়ে আৰু ভট্টদেৱে গোপালক “মিশ্ৰ” উপাধি দিয়ে। সেই বিষয়ে নীলকণ্ঠ দাসে এইদৰে লিখিছে-