পৃষ্ঠা:গো-চিকিৎসা.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
গো-চিকিৎসা।


গৰু গৰুৰ নিচিনা সংসাৰত মহোপকাৰী জীৱ আৰু নাই। নহলে এক মূহুৰ্ত্তকালো সংসাৰ চলিব নোৱাৰে। গৰু জাতিৰ পৰা মহৎ উপকাৰ হোৱা দেখিয়েই পূৰ্ব্বে হিন্দুবিলাকে ঘৰে ঘৰে গৰু সেৱা কৰিছিল। সেই কাৰণেই তেঁওলোকৰ দুৰ্ভিক্ষাদি কোনো উপতাপো নাছিল। আৰু সেই সময়ত হিন্দুবিলাক জগতত সকলোতকৈ উন্নতিশালী আছিল। কালৰ গতিত এতিয়া গোসেরা লোপ হোৱাই হিন্দুবিলাকৰ দিনে দিনে অবনতি হব লাগিছে, আৰু দুর্ভিক্ষ মরকাদি নানা উপতাপে পীড়া কৰিবও ধৰিছে। যদি সংসাৰত উন্নতি কামনা কৰা তেনেহলে পূৰ্ব্বৰ নিচিনাকৈ গোশুশ্রূষা আৰম্ভ কৰা। পাঠক! অল্প ভাবি চোৱা ছোন গৰুৰ পৰা জগতৰ কিমান উপকাৰ হয়। দধি, দুগ্ধ, স্বত, গোময় আৰু গোমূত্র এই পঞ্চগব্যৰ দ্বাৰা অশুচি বস্তুৰ শোধন, আৰু দেৱতাৰ স্নানাদি কৰোৱা হয়। এরা গাখীৰৰ পৰা ক্ষীৰ, ছানা, মাধন আদি মনোহৰ খোৱাবস্তু বোৰ কৰা হয়। দৈৰ দ্বাৰা মধুপর্কাদি ভক্ষ্য ভোজ্য সম্পন্ন হয়। ঘিটু দ্বাৰা হোম যজ্ঞ আদি সমাধা কৰা হয় । এই ঘিঁউ মানুহৰো এবিধ প্রধান খাদ্য। গোবৰ সাৰ নিদিলে গছ লতা প্রভৃতি কোনো উদ্ভিদ পদার্থ ভালকৈ হব নোৱাৰে। এনেকি গোবৰ নহলে শাক, তামাধু, জলকীয়া প্রভৃতিয়ে ভাল নহয় । ই ধানৰ প্রধান সাৰ ৷ ইয়াক ঘৰ মা মাটিৰ লগত দিলে ই ক'লা জ্বৰ প্রভৃতি ৰোগ আতৰ কৰিব পাৰে। আয়ুর্ব্বেদ শাস্ত্ৰত উক্তি আছে যে গোমুত্ৰৰ পৰা প্লীহা, যক্বৎ, শোথ প্রভৃতি বহুত ৰোগ ধ্বংস হয়। গৰুৰ চালৰ পৰা ঘোৰাৰ জিন, লেকাম, জোটা প্রতকি বলত আবশ্যকীয় বস্তু প্রস্তুত করা হয়।