পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোপীৰ বস্ত্ৰ হৰণ
 

মুগুধা বোলয় মোক স্বামী বিছাৰিব।
কেনেকৈ দেখিবো গই সেই বাসুদেব॥
মন্দীৰা বোলয় সখী থাকিবা লুকায়।
যেন মতে স্বামী তোক বিছাৰি নপায়॥
সুৰসা বোলয় মোৰ স্বামী ঘৰে নাই।
সেই গুণে শীঘ্ৰে মই আহিলো ওলাই॥
পদ্মাৱতী বোলে সতী মাগয় সুৰত।
ৰসা বোলে ৰম্ভা কিনো কালৰ মহত॥
হৰিণী বোলয় শুনা মোৰ দুঃখ কথা।
বিধিয়ে কৰিলে মোৰ হেনয় ব্যবস্থা॥
সূমালিণী বোলে আজি ঘৰে চলি যাওঁ।
আজি কোনোমতে যেন স্বপ্নে দেখা পাওঁ
মদন মঞ্জৰি বোলে মোৰনাই পতী।
স্বামী বৰিবে যাওঁ আজি সেই শ্ৰীপতি।
অথীৰজা বলে-ৰসা আছে তোৰ স্বামী॥
কিনো সতে তাক এড়ি আসিলাহা তুমি॥
কমল লোচনী মুখে মিচিকাই হাসে।
চন্দকলা লাহে লাহে ওচৰলৈ আসে॥
কি কথা কলা সখী এবাৰ মোক কোৱা।
নিজৰ সুখক তুমি দেখিকে নেপোৱা॥
সুৰভী বোলে থাকিম মাধৱৰ লগে।
যেনে তেনে দেখা কৰিলো তেওক আগে।