পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গোপীৰ বস্ত্ৰ হৰণ ৷
 

ঢোৱা মোৰ বেঘা কেনে জিলিকিয়া পৰে।
বনমালী দেখি মোক আহিব ওচৰে॥
নানা ৰঙ্গ কৰি গোপী থাকয় বসিয়া।
হা কৃষ্ণ! হা কৃষ্ণ! বুনি মনতে ভাবিয়া॥
সব গোপী এক হুয়া কোৱা মেলা কৰি।
শীঘ্ৰে কৰি যাওঁ আমি দেখিবো মুৰাৰী॥
আত অনন্তৰে গোপী চলিবে লাগিল।
বৃন্দাবনে যাওঁ বুলি শবদ তুলিল॥
কতো গোপী চলি যায় স্বামীক এড়িয়া।
কতো গোপী কাম বাণে থাকয় পড়িয়া॥
কতো গোপী মিছিকিয়া হাসি মাৰি আসে।
এখনে পড়িবো গিয়া বন মালী কানে॥
সব গোপী একহুয়া যায় মনে ভাবি।
সৰস্বতী বোলে কুন্তী তই গৈ জোকাৰি॥
কুন্তী বোলে ভাল মোক নপায় কেশৱে।
ভানুমতী বোলে মোৰ সেহিসে বান্ধৱে॥
বসুন্ধৰী বোলে মোৰ প্ৰিয় জনাৰ্দ্দন।
পূৰ্ণ ব্ৰহ্ম অৱতাৰ দৈবকী নন্দন॥
কামিনী বোলয় মোৰ প্ৰাণেৰ অচ্যুত।
সবে তাৰ ৰূপ দেখি হয় বিমোহিত॥
লক্ষী বোলে সিতে বৰ নিলাজ পুৰুষ।
দেখিলেই আহে চাপি মোহোৰই কান॥