পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোপীৰ বস্ত্ৰ হৰণ
 

বনমালী কামাতুৰা তাক সবে বোলে।
বৃন্দাবনে ধেনু ছাৰে বসি কদমতলে॥
হাতে বাঁহি লৈয়া সুললীত সুৰে বায়।
তাক শুনি গোপীগণে ভাবে অতিশয়॥
মুৰাৰি আইল বনে বাঁহিত ফুকাৰি।
এহি বুলি গোপগণে কৰে লড়ালড়ি॥
কোন গোপ ভাত খাই আছয় বসিয়া।
কোন গোপী অছে বসি ছল লইয়া॥
কোন গোপী শুইথাকে স্বামীৰ সহিত।
কোন গোপী বাগৰই পড়িয়া মাটিত॥
কোন গোপী মুৰ মেলে দাপোন লইয়া।
কোন গোপী বসি খাকে কৃষ্ণক চাইয়া॥
কোন গোপী শৰীৰৰ লাল বেশ চায়।
কোন গোপী বোলে মোৰ নাহিকে সহায়॥
কোন গোপী খেলি থাকে সখীৰ লগত।
সেন্দুৰৰ ফোট লয় সবে কপালত॥
কোন গোপী মলা গাঁঠি পিন্ধিলে খোপাত।
ৰঙ্গা, বগা, সেউজিয়া নানা ৰক্ততাত॥
কোন গোপী বোলে সখী চোৱা মোৰ মুখ।
সাজ অলঙ্কাৰে মোক কেনেকুৱা দেখ॥
সখী মই তোমাক নেদেখো একো ভাল।
চন্দনৰ ৰেখা নাই তোমাৰ কপাল॥