পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২২
গোপীৰ বস্ত্ৰ হৰণ
 

তােমাৰ মায়াত,  আছো বন্দি হুয়া,
 সংসাৰে ওপজো মৰো ৷
দুঃখ সময়ত,  ৰক্ষা কৰা হৰি,
 তােমাৰ চৰণে ধৰো ৷৷
সংসাৰ চক্ৰক,  তুমি ধৰি আছা,
 নেড়ে মহা মােহ ভয় ৷
তোমাৰ চৰণে,  পশিলো শৰণে,
 ৰক্ষা কৰা দয়াময় ৷৷

——০——
পদ ৷

গােপীৰ স্তুতিত অতি কৃষ্ণ মােহ হৈয়া ৷
সেহি ক্ষণে পৰয় মাটিত ঝাপ দিয়া ৷৷
এক এক কৰি কৃষ্ণ দিলেক মেখেলা ৷
লক্ষ্মীৰ মুখ চাই মিচিকাই হাসিলা ৷৷
তােমাৰ মেখলা মই দিবাক নােৱাৰো ৷
সব সখী গলে মই তেহে দিব পাৰো ৷৷
এহি মতে নানা ৰঙ্গ কৰে বনমালী ৷
আতপৰে দিলে চুমা ধৰি আঙ্কোৱালী ৷৷
কামত অস্থিৰ হুয়া ধৰিল হাতত ৷
গলে সাবত মাৰি বসাইলা কোলাত ৷৷
ইহা দেখিয়া সবে আতৰিয়া গৈল ৷
বিৰিঙ্গা জোপাত আসি সবে লুকাইল ৷৷