পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
গোপীৰ বস্ত্ৰ হৰণ ৷
 

কৃষ্ণ আতি মহাৰঙ্গে বুলিল বচন ৷
দুই হাত যােৰ কৰি লােৱা গােপীগণ ৷৷
তেহে মই দিবাে সব মেখলাক এড়ি ৷
একেবাৰে উঠা সব দুই হাত ধৰি ৷৷
এহি বাণী শুনি আতি লাজক পাইয়া ৷
উশ মিশ কৰি উঠে চক্ষুক মুদিয়া ৷৷
দুই হাত যােৰ কৰি কাকুতি কৰিল।
অতি নম্র ভাৱে স্তুতি কৰিৰে লাগিল ৷৷
হে! প্রভু জগতত তুমিসে নাৰায়ণ ৷
প্রথম নিশ্বাসে বাজ ভৈল দেবগণ ৷৷
জগতত তুমি কৰা আনন্দ প্রকাশ ৷
সমস্ত জীৱৰ কৰা মায়াক বিনাশ ৷৷
তুমিসে সবাকে দিয়া চৈতন্য শকতি ৷
আমি গােপীগণ আত প্রমাণ সম্প্রতি ৷৷
তুমিসে পৰম তত্ত্ব জানে জ্ঞানী গণে ৷
যায় পাপ তযু গুণ শ্ৰৱন কীৰ্ত্তনে ৷৷
ৰাধা, সতী, ঘুমুচা ভজয় যাক স্বামী ৷
তাহাৰ মহিমা আৰ কি কহিবো আমি ৷৷
মনুষ্য শৰীৰ পায়া যিতো নৰগণ ৷
নকৰে তােমাৰ যিটো শ্ৰৱণ কীৰ্ত্তন ৷৷
সেহি জন পড়ি থাকে নৰক কুণ্ডত ৷
আমি তব দাসী প্রভু! ৰাখা বিপদত ৷৷