পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৬
গোপীৰ বস্ত্ৰ হৰণ
 

লক্ষ্মী মুখে বস্ত্র দিয়া আহে ধিৰে ধিৰে ৷
সব সখী আনন্দতে চাপৰিকে ধৰে ৷৷
সৰস্বতী বােলে কৈত কানাই আছিলা ৷
লক্ষ্মী সখীৰ লগত তুমি কি কৰিলা ৷৷
বৃন্দাবণী বােলে সখী চোৱা কৃষ্ণ লীলা ৷
লক্ষ্মীক বনত লই কি কৰিলে খেলা ৷৷
পদ্মাৱতী বােলে সখী আহা ঘৰে যাওঁ ৷
সন্ধ্যা সময়ত বৰ যেন গই পাওঁ ৷৷
কৃষ্ণ বােলয় কুন্তী তুমি এবাৰ নাচা ৷
তােমাৰ নাচক মই কৰি আছে আশা ৷৷
কৃষ্ণ কথা শুনি আতি আনন্দিত হুয়া ৷
কুন্তী সজ মাজে গৈল নাচিবে লাগিয়া ৷৷
কৃষ্ণ সমে ৰজে আতি নাচে গােপী জাক ৷
নানা ভাৱে চৰণ চলায়া ফুৰে পাক ৷৷
ঝল মল কুণ্ডল গলত আসি পৰে ৷
হালে গােপী কঙ্কাল স্তনৰো বস্ত্ৰ লৰে ৷৷
তিতিল মেখলা সব মুখে ঘর্ম্ম জল ৷
গাৱে কৃষ্ণ গুণ গীত গােপীকা সকল ৷
কতো গােপী ভৈল অতি ভাগৰে আকুল ৷
সােলকয় মেখলা খােপাৰ খসে ফুল ৷৷
কৃষ্ণসমে নাচে অতি উৎসৱে গােপিণী ৷৷
ৰাজয় খঞ্জৰি বাদ্য নুপুৰ কিঙ্কিণী ৷৷