এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
গোপীৰ বস্ত্ৰ হৰণ
লাসে বেশে আসি, মাতে প্রিয়া বুলি,
ওচৰ চাপিয়া যাই ৷
বস্ত্ৰত ধৰিয়া, আশ্বাস কৰিয়া,
মাতে চকু চাই চাই ৷৷
গলে সাবতিয়া, মৰম কৰিয়া,
হাতক বুলায় গাৱে ৷
কঙ্কালৰ মাজে, ধৰি দুই হাতে,
বােলয় অনকে ভাৱে ৷৷
স্তনত মুখত, কামুৰি গালত,
চূম্বন কৰে অপাৰ ৷
সাবতি গাৱত, মৰ্দ্দয় বুকুত,
অনেক দেয় শৃঙ্গাৰ ৷৷
এহি বাণী শুনি সবে ভৈলন্ত অস্থিৰ ।
গােপীগণ ভাবে অতি মনৰ ভিতৰ ৷
এহি মতে নানা ৰঙ্গ কৰি গােপীগণ ৷
অতি বেগে চলি গৈল সেহি বৃন্দাবন ৷৷
তপতী বােলয় কিনাে আজি সুভদিন ৷
কদমৰ তলে আছে বসি নাৰায়ণ ৷৷
মদোন্দৰী বােলে সখী চাওঁ কেনি আছে ৷
মধুমতী বােলে চোৱা কদমৰ কাষে ৷৷