এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪১ ]
হৰি—চল্ জী চল্।—মোৰ উপযুক্ত প্ৰায়শ্চিত্ত হ'ল।
(উভয়ৰে প্ৰস্থান)।
বিমল—‘ক’লৈ যোৱাঁ প্ৰাণনাথ চোৱাঁহি এবাৰ’ কি দশা হ’ল আজি বিমলাৰ তোমাৰ। মই এতিয়াই মূৰ্চ্ছা যাম।
(প্ৰস্থান)।
চতুৰ্থ দৃশ্য।
হৰিচৰণৰ ঘৰ।
(গোলাপী ও হৰিচৰণৰ মাক দুয়ো বেজাৰমনে বহি থাকে এনেতে প্ৰভাকৰৰ প্ৰবেশ)।
প্ৰভাকৰ—মই অতি কষ্টে ৫০০৲ পাঁচ শ টকা ৰূপ গোটা- ইছোঁ ৷ আৰু ৰূপ পাঁচ শ হ'লেই তাক জামিনত খালাচ কৰাব পাৰোঁ। সুখত উঠা লৰা, হাজতত চাগৈ বৰ কষ্ট পাব লাগিছে।
গোলাপী—(কান্দি কান্দি) মোৰ গহনা আৰু ভাল ভাল কাপোৰ-কানি আছে তাকে লৈ যাওক। সেই সোপা বেচি-কিনি কোনোমতে দুখুনীক ৰক্ষা কৰক, মোৰ ঈশ্বৰ!
হৰিচৰণৰ মাক—মই কি কৰিম। ল'ৰা মানুহ বেয়াসঙ্গত পৰি বেয়া হ’ল। তাক নেদেখি আজি মোৰ সংসাৰ