এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেইনিমিত্তে বিশেষ পুৰুষাৰ্থ কৰি যি পাৰিছোঁ, সম্প্ৰতি অলপমান গোটাই এই পুথিৰ শেহত ওপ- ৰঞ্চিকৈ ছপাই উলয়াইছোঁ। পূজ্য়তম ৺নৰোত্তম মজিন্দাৰ-বৰুৱা মোৰ মাননীয় ককাদেউতা হয়। মই তেখেতৰ ঘৰৰ জীয়াৰীৰ ফালৰ নাতিনীয়েক হওঁ; সেইসম্বন্ধত গ্ৰন্থকাৰৰ মই ভতিজাক। অন্তত ইয়াকো নকৈ নোৱাৰিলোঁ যে, এই পুথি- খনি খুৰাদেৱে মৰম কৰি তেওঁৰ দেউতাকৰ সং- ক্ষিপ্ত জীৱনীৰে সৈতে ছপাই উলিয়াবলৈ অনুমতি দিয়াত মই ৰংপাই অন্তৰেসমন্বিতে নথৈ শলাগ লৈছোঁ। আৰু তেওঁৰ ওচৰত কৃতজ্ঞতাজৰীৰে আজীৱন কাল বান্ধখাই থাকিলোঁ। ইতি।
১|১|১৯০১ |
প্ৰকাশক |
⸻