পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১২)

যি শিকিব খুইছা সকলে ঘৰতে থাকি শিকিব পাৰিবাঁ। মোৰ চকুৰ আঁতৰত থাকিব নেলাগে।

বল।-আইতা। আমি তাত বেচি দিন নেথাকোঁ নহয়, বেগতে ঘূৰি আহিম। গোপালৰ যাবৰ বৰ মন হৈছে, বাধা নকৰিবা চেনেহী আই। বাধা কৰিলে গোপালে মনত বৰ বেয়া পাব। গোপালে কন্দা দেখিলে মোৰো চকুৰ পানী ববলৈ ধৰে।

বসু। -তোমালোকে পিতৃ মাতৃৰ নয়নস্বরূপ। তোমালোক নহলে, আমাৰ সকলো আন্ধাৰ। তোমালোকক পাঠি য়াই আমিনো কেনেকৈ থাকোঅ’ মোৰ সোণাইহঁত? এতিয়া ব'লা জলপান কৰাঁগৈ। পিচে বাৰু এটা থিৰাং কৰা হব।

দৈৱ।-বলক সকলো যাওহঁক।

(সকলোৰে প্ৰস্থান)

⸻⸻