জানিব তেতিয়া নিজেই পঢ়িবলৈ উত্ৰাৱল হব।
তালৈকে জানিবা ভাল লগ লগাই দিব লাগে। মানুহে
নেজানে যে, সঙ্গৰপৰা কিমান শিকিব পাৰে।
গোপালে যদি সিজিনা সেই পণ্ডিতৰ লৰাকেটাৰ লগ
নেপালেহেতেন কেতিয়াও ইমান সোনকালে পঢ়িবলৈ
মন নেমেলিলেহেতেন। নিজৰ মন নগলে বলেৰে
কাকো কোনেও শিকাব নোৱাৰে। নিজৰ মনৰ এটা
আগ্ৰহ হব লাগে। সেই আগ্ৰহ লগৰ লগৰীয়াৰপৰা
হয়। এতেকে লৰা-ছোৱালীক কেতিয়াও বেয়াৰ লগ
লাগিবলৈ দিব নেলাগে। যেনেদৰে সিহঁতক গঢ়িবৰ
ইচ্ছা হয়, সেই নিচিনা সঙ্গীৰ লগ লগাই দিলেই
এনেই গঢ় লাগি আহিব।
দৈৱ।-আহাঁ, মোৰ সোণাই! আহাঁ, মোক চুমা এটি
দিয়াঁহি। তুমি বেজাৰ কৰিছাঁ কেলৈ-কি হল-
কোনে জগৰ লগালে?
কৃষ্ণ।-(চুমা দি) আইতা, মোক কোনেও একো জগৰ
লগোৱা নাই। মোৰ অন্তৰত বৰ শোকে ধৰিছে।
সিদিনা সভাত বৰ লাজ পালোঁ। লাজতকৈ অন্তৰৰ
ডাঙৰ ব্যাধি নাই। তেনে লাজে মোক বৰকৈ পীড়িছে।