পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৯)

 ঠেহ, পাতিছে?

দৈৱ।-বলাই, তুমি বৰ ওখৰা লৰা। তুমি গোপালক
 ডাবি দিলাঁ হবলা। গোপাল অকণমান ভাইটি, তাক
 জানো ডাবি দিব পায়। মা ত আনাগৈ যোৱাঁ।
 মোৰ সোনাইক সোধোঁ কেলৈনো কান্দিছে।

বল।-অইন একো হোৱা নাই আইটা, সিদিনা ককাদেউ
 তাৰ শৰাধত যে, পণ্ডিতবোৰ আহি শাস্ত্ৰৰ কথা কৈ
 তৰ্ক কৰিছিল, আমি তাতে বহি আছিলোঁ, তেওঁ
 বিলাকৰ কথা একোকে তৰ্কিৰ নোৱাৰিলোঁ। বামুণৰ
 লৰাকিটামানে আমাক কিবা সুধিছিল। পিছে,
 গোপালেও নোৱাৰিলে, ময়ো নোৱাৰিলোঁ। গোপালে
 কব নোৱাৰি, মৰিবৰমান লাজ পালে। মোৰ আগত
 লেখাপঢ়া শিকিবলৈ প্ৰতিজ্ঞা কৰিলে। দেউতা,
 গোপালৰ পঢ়িবলৈ বৰ মন হৈছে।

বসু-মোৰ সোণাই পৰম জ্ঞানী। অৱশ্য় পঢ়িব লাগে।
 তুমি মাতি আনালৈ মই ঠেহ্, ভাঙিম। যোঁৱা।

( বলৰামৰ প্ৰস্থান)

 দেখিলাঁ-গোপাল কেনে লৰা? মোৰ বোপায়ে নপঢ়ে
 মানে নেৰে। তুমি নকৈছিলাঁ-অজ্ঞান মূৰ্খ হল।
 মই কৈছিলোঁ নহয়, মনত আছেনে? যেতিয়া