পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)

বসু।-তুমি স্বৰূপ কৈছাঁ ৰাণী! পুত্ৰমুখ দেখিবলৈ নেপালে পৃথিবীত জন্ম লোৱাৰে সাৰ্থক নাই। সেইহে পুত্ৰহীন মানুহক দেখিলে যাত্ৰা নাই বোলে। তুমি মহাভাগ্যৱতী নাৰী। তোমাৰ যহতে ময়ো মহাসুখী।

( বলৰামৰ প্ৰবেশ)

বল।-( বিনয়েৰে) দেউতা! গোপালে সৌ বাহিৰত কান্দি আছে।

দৈৱ।-মোৰ সোণাইৰ কি হল, বলাই? তোমালোকে মৰামৰি কৰিছিলাঁনে কি?

বল।-মৰামৰি কৰা নাই। মূৰ্খ হলোঁ বুলি বেজাৰ কৰি কান্দিছে।

বসু।-কি মূৰ্খ হল? মোৰ বোপাইৰ সমান জ্ঞানী লৰা দেখোন দেখাই নাই। মাতি আনাচোন সোধোঁ, মোৰ লাহৰিয়েনো কেলৈ কান্দিছে।

দৈৱ।-যোৱাঁ, মোৰ মইনা যোৱাঁ, বেগেৰে মাতি আনাগৈ।

বল।-মই গোপালক মাতিলে নাহে, ঠেহ্ পাতিছে।

বসু।-কি জগৰ লাগিল। তুমি ডাঙৰ,সৰু ভাইটিক জানোঁ ডাবি-হুকি দিব পায়? মৰম কৰি ওমলাইহে থাকিব লাগে। তুমি খং কৰিছিলাঁনে কি? কেলৈ