এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬)
কৃষ্ণ।-কাক নিম? তুমি আৰু মই।
বল।-অনুমতি লওঁগৈ বলাঁ।
⸻
গীত
আহাঁ আহাঁ কৰোঁ আমি, বিদ্য়া উপাৰ্জ্জন।
বিদ্যাৰ সমান নাই, সংসাৰত ধন॥
বিদ্য়াৰ গছতে জ্ঞান, জ্ঞানৰ ফলতে মান,
নহলে ধৰাত ভাই, মিচাতে জীৱন।
দেউতা-আইক কই, ঘৰৰ বাহিৰ হই
অৱশ্য়ে লভিম বিদ্য়া কৰিলে যতন॥
(দুইৰো প্ৰস্থান)
⸻