পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৫)


বল।-আমাৰ ইয়াৰ পৰা কিমান দূৰ?

কৃষ্ণ।-ইয়াৰপৰা বোলে অৱন্তীনগৰ তিনি মাহৰ বাট।

বল।—উস্! বহুত দূৰ। ইয়াৰপৰা গৈ তাত পঢ়া নিতান্ত
 অসম্ভৱ।

কৃষ্ণ।-কি অসম্ভৱ? পৃথিবীত একো অসম্ভৱ নাই।ইচ্ছা
 কৰিলেই উপায় ওলায়। সংসাৰত যত্ন নকৰিলে
 কেওঁ ৰত্নৰ অধিকাৰী হব নোৱাৰে। বিদ্য়া অমূল্য
 ৰত্ন; তেনে ৰত্ন লাভ কৰিবলৈ প্ৰাণপণে ৰত্ন
 কৰা উচিত।

বল।-দেউতাই পঠিয়ালে হে?

কৃষ্ণ।-অৱশ্য় বুজাই কলে দেউতাই পঠিয়াব। মই হলে
 আইতালৈ হে ভাবিছোঁ। তিৰোতাৰ মন নিচেই
 কোমল। বঢ়ালে- বুজালে যদি পঠিয়ায় তেনেহলে
 আৰু আমি ভৰিলোঁ।

বল।-বলাঁ, তেন্তে আমি যাওঁ। তেওঁবিলাকৰ অনুমতি
 লৈ আমি লিখা-পঢ়া শিকোঁগৈ। মুনিৰ নাম কি?

কৃষ্ণ।-তেওঁৰ নাম সান্দীপণি।

বল।-গোপাল,তুমি বৰ টেঙৰ আৰু বহুত কথা জানা,
 এতেকে বুজাই-বঢ়াই কলে অৱশ্য় আমাক পঠিয়াব।
 লগত আৰু কাক নিবা?