(৩)
কৃষ্ণ।– এৰা,মোৰ দদা নে কোন! তেন্তে এতিয়াও সেই কথাকে ভাবিছোঁ। সিদিনা পণ্ডিতৰ সভাত মুখ মেলি কথা এটা নোৱাৰিলোঁ—ইয়াতকৈ নো কিবা লাজৰ কথা আছে নে? হায়! হায়!! বিদ্য়াহীন জীবন সমূলি মিছা। দেখিবলৈ ধুনিয়া হলে হব কি? গাত গুণ থাকিব লাগে। হাঁহৰ মাজত বগলিটো হৈ থকাতকৈ মৰি যোৱাই ভাল।
বল।– তেনে ওখ আশা কৰা একেবাৰে ভুল। আমি জানো বামুণ? আমাক বিদ্য়া কেলৈ? বিদ্য়া পণ্ডিতৰ হে আৱশ্য়ক। মুখ চুপতি কৰি নানা ৰকম কথা চেলাই বামুণে পৰ্ব্বতি থাকে। সেইবোৰ আমাক কেলৈ? আমি বন-বাৰি কৰি পেট পুহি থকাটোহে যুগুত। সেইবোৰ মিছা কথা ভাবি দুখ কৰি নেথাকিবা।
কৃষ্ণ।–দদা, তুমি আমাৰ মুখ্য উদ্দেশ্য় দেখোন একেবাৰে পাহৰিলাঁ। তুমি আমাৰ ঘাই কথালৈ মন কৰি চোৱাঁচোন। আমি সদাই গৰখীয়াৰ লগত ধেমালি কৰি ফুৰা নিতান্ত অন্য়ায় হল। ইমান ডাঙৰ হলোঁ, বিদ্য়া-বুদ্ধি একো নাই। বিদ্য়া-বুদ্ধি নহলে উদ্দেশ্য় সিদ্ধি কৰিব নোৱাৰি। এতেকে আমি বিদ্য়াশিক্ষাকৰা যুগুত। নিজৰ মনৰ মলি গুচাব নোৱাৰিলে,