পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২)

বল।—মোৰ লাহৰি! হঠাৎ তোমাৰ মন পৰিবৰ্ত্তন হোৱাৰ কাৰণ কি? কোনে কি কলে? ধেমালি কৰিবলৈ আহি এইখন তুমি কি ভাবিছাঁ গোপাল?

কৃষ্ণ।-কোনে কি কব? হিতাহিত জ্ঞানে মনক লাজ দিলে।

বল।-ভাইটি। তুমি মোক ফাকতি নকৰি, ভাঙি কোৱাঁ। তোমাৰ মন বিৰস দেখি মোৰ মন বৰ উত্ৰাৱল হৈছে, কৈ বেগেতে চিন্তা দূৰ কৰাঁ৷

কৃষ্ণ।-দদা। বাস্তৱতে মই বৰ আচৰিত হৈছোঁ। তুমি মোৰ কথাত মন নিদিয়াঁ।

বল। -কিয় নিদিম মোৰ সাদৰি? তোমাৰ কথাত যে মন নিদিম, দিম কাৰ কথাত? মই মোৰ প্ৰাণকৈও তোমাক অধিক ভালপাওঁ।

কৃষ্ণ।-সিদিনা সভাত বহি থাকোঁতে কি কৈছিলোঁ?

বল।-ক’ৰ সভাত বহি থাকোঁতে—ককা-দেউতাৰ শৰাধত বহি থাকোঁতে নে কি?

কৃষ্ণ।-ওঁ

বল।-পণ্ডিতসকলে নানাৰকম শাস্ত্ৰৰ কথা কোৱা-মেলা কৰা শুনি তুমিও পণ্ডিত হবৰ আশা কৰিছিলাঁ৷