পৃষ্ঠা:গুৰুচৰিত.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত সুবৰ্ণ ৰত দান কৈলা বহুতৰ। দান পাই গৈলা তুষ্ট বিপ্ৰ নিৰন্তৰ। বন্ধু বান্ধৱক বস্ত্ৰ অলঙ্কাৰ দিল। ভৈল পুত্ৰ কুমৰ সবেয়ে শুনিল ৩৭৫ কুসুমে বেলন্ত আবে চৰী শুনিয়ে। স্নান কৰাই পুত্ৰ খানি কোলে তুলি লৈয়ো॥ ৰতৰ ঝাৰি গোট পৰম বিচিত্ৰ। আনিলন্ত আৰে। মহা সুৱৰ্ণৰ পাত্ৰ ৩৭৬ সেহি পাত্ৰ ভৰি চৰীয়ে জল আনি। তাতে তুলি ধৰিলন্ত দেৱ চক্ৰপাণি। দিল পানী বাকিয়া মাধৱী হাতে ধৰি। নাৰীগণে উৰুলি দিলন্ত উচ্চ কৰি ১৭৭ জয় জয় শৱদে প্ৰজায়ে কৰে ৰোল। প্ৰজাৰ ভিৰত ভূমি কৰে তলবল। বাদ্যভণ্ড আন্দোল মেদিনী লবণ। জয় জয় কৰি লোকে কৰে কৌতূহল॥৩৭৮ যেতিক্ষণে শঙ্কৰদেৱৰ জন্ম ভৈলা। তলবল কৰি মহী মনৰ লৰিল। সত্যসন্ধ্যা আই জন্মিবাৰ নেদেখিল। দেখয় মাটিত শুতি আছয় ছৱাল ৩৭৯ যেন দৈৱকীৰ গৰ্ভে উপমিল হৰি। মণ্ডিল ভূমিৰ ভাৰ অনুৰ সহৰি।