পৃষ্ঠা:গুৰুচৰিত.djvu/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত শুনিয়োক সাধুসব বচন স্বৰূপ। কুম্ভৰ ভিতৰে যেন হুয়া আছে দ্বীপ। অগনিক বেটি যেন ভস্মে ঢাকিল। সেহিত ভাৱে জানা শঙ্কৰ অন্ত॥৩৫৩ সত্যসনাতন প্ৰভু নিত্য নিৰঞ্জন। কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ॥ জয় জয় জগতৰ যিটো পিতা-মাতা। জয় জয় জগতৰ বান্ধৱ বিধাতা।৩৫৪ ব্ৰহ্মা মহেশ্বৰ যাৰ নপাৱয় সীমা। আমি কেনে আনিবেহো তোমাৰ মহিমা। জয় জয় কৃষ্ণ প্ৰভু অনাথৰ নাথ। য় জয় অব্যক্ত নমো নমাই মাৎ ৩৫৫ হেন হৰি আইলা কেন কুসুমৰ ঘৰ। বাৰে বাৰে অৱতৰি হৰ ভূমিভাৰ। কথামাতে স্বামী সঙ্গে আহা সতী নেবে। সেহিবে শুভ লগ্ন আসি ভৈল ভেবে ৩৫৬ নদী নদ প্ৰসন্ন পঙ্কজে জ্যোতি কৰে। নিৰ্ম্মল গহন নাহি মেঘৰ সঞ্চাৰে। ভৈলা সুস্থ সিবেলাত সজ্জনৰ মন। আকাশক তুতি কৰে সিদ্ধ মুনিগণ॥৩৫৭ বজাৰে গন্ধ অপেৰা গৱে গীত। দেৱগণ সমে অপেৰা কৰে নৃত্য।