পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেন জানি পেট ভৰি কৰিয়োক পান।
শঙ্কৰত বিনে মোৰ গুৰু নাই আন॥
মোৰ পদাৱলী বুলি নধৰিবা দোষ।
শঙ্কৰ চৰিত্ৰ শুনি হুয়োক সন্তোষ॥ ৪০২৬
ইসব কথাক থৈলো কৰি তুতি নতি।
মাধৱ দেৱৰ কথা শুনিয়ো সম্প্ৰতি॥
শঙ্কৰৰ আজ্ঞা পাচে ধৰি মহামতি।
প্ৰচাৰ কৰিলা তেহো কৃষ্ণৰ ভকতি॥ ৪০২৭
শঙ্কৰৰ যশ গুণ নাম যত যত।
প্ৰচাৰ কৰিলা তাক মাধৱে পাচত॥
সুন্দৰীদিয়াত যেবে এহিমতে আছে।
শুনিয়োক যেন কৰ্ম্ম কৰিলন্ত পাচে॥ ৪০২৮
যেন যোগ ব্ৰহ্মচৰ্য ধৰি আচৰন্ত।
ভাল মন্দ কাকো একো নেদন্ত সিদ্ধান্ত॥
সপ্তম বৰিষ যেবে এহিমতে আছে।
আত অনন্তৰে শুনা যেন ভৈলা পাচে॥ ৪০২৯
দামোদৰ যাই পাচে সত্ৰক পাতিলা।
শ্ৰমতে প্ৰৱৰ্ত্তি আপুনি গোটা ভৈলা॥
হৰিনাম ভাগৱত ভকত কৰিলা।
হেনমতে সত্ৰ পাচে প্ৰৱৰ্ত্তাইবে লৈলা॥ ৪০৩০
ব্ৰাহ্মণ সজ্জনলোক আছে যত যত।
শৰণ কৰায়া ভক্তি উপদেশ দেন্ত॥