পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৩
সপ্তম খণ্ড

কৃষ্ণ সেৱা কৰিলন্ত পৰম আনন্দে।
অন্ন সিদ্ধ কৰিলন্ত যাই ৰমানন্দে॥
মাধৱে সহিতে পাচে ভোজন কৰিলা।
হৃদয় ভাণ্ডাৰ মেলি মাধৱক দিলা॥ ৩৮৫১
জয়ধ্বনি কৰি লৰিলন্ত তেতিক্ষণে।
ভকতসবক দিলা প্ৰবোধ বচনে॥
মাধৱে কান্দিয়া দুই চৰণত পৰি।
সাৱটি ধৰিলা গুৰু বুকে বান্ধি ধৰি॥ ৩৮৫২
আনো লোক আছয় ভকত নিৰন্তৰ।
সমস্তে কান্দিলা পাৱে পৰি শঙ্কৰৰ॥
এহিমতে শোকে সবে ৰহিলন্ত যেবে।
গৈলন্ত শঙ্কৰদেৱ পশ্চিমক তেবে॥ ৩৮৫৩
শূদ্ৰ নামে পাটগিৰি ভক্ত এক আছে।
তাহাৰ ঘৰত যাই ৰহিলন্ত পাচে॥
শঙ্কৰ আসন্ত দেখি শূদ্ৰ মহামতি।
দেখি আগবাঢ়ি আসি নিলন্ত সম্প্ৰতি॥ ৩৮৫৪
প্ৰণাম কৰিলা চৰণত পৰি পৰি।
আসনে বৈসায়া পাচে পশালিলা ভৰি॥
সেহি গ্ৰামে আছে এক শান্তী নাৰীৰৰ।
তাই মোক দিবে লাগি ৰহিলা শঙ্কৰ॥৩৮৫৫
সেহি গ্ৰামে লোকসব আছে যত যত।
শঙ্কৰৰদেৱক আসি সেৱা কৰিলন্ত॥

৫৩