পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩২
গুৰু-চৰিত

ঘোষা ৰস মন্দ দশ হাজাৰ ঈশ্বৰ।
নাম কৰি লিখি থৈবা তুমি তাসম্বাৰ॥ ৩৮৪৫
মাধৱে বোলন্ত আৰো কৰযোৰ কৰি।
সপ্তদ্বীপা পৃথিবীক কোনে আছে ধৰি॥
শঙ্কৰে বোলন্ত শুনিয়োক মহাশয়।
সবাৰ তলত ঈশ দ্ৰবিড় আছয়॥ ৩৮৪৬
তাহান উপৰে শাল নামে অনুপম।
তাৰ উপৰত ঈশ বিশাল যে নাম॥
তাৰ উপৰত ঈশ লগ্ন নামে এক।
তাহাৰ উপৰে আছে জানা মহা ভেক॥ ৩৮৪৭
ভেকৰ ওপৰে কুৰ্ম্ম ভুজঙ্গ উৰ্দ্ধত।
ভুজঙ্গম ওপৰে বিৰাট ভগৱন্ত॥
বিৰাটৰ উপৰে কল্প মহাশয়।
বিৰাটৰ গুহ্যক যে নালা বুলি কয়॥ ৩৮৪৮
নালাহন্তে বৈতৰণী নদী বহি যায়।
চৌৰাশী নৰক ভাত পাপীসবে খাই॥
শঙ্কৰ মাধৱে যত কথা ভৈলা ভয়।
তাক কহিবাৰ কাৰ শকতি আছয়॥ ৩৮৪৯
ইসব কথাক আবে এহিমানে থওঁ।
যেনমতে গৈলন্ত শুনিয়ো তাক কওঁ॥
পুহাইল ৰজনী জানি উঠিলা তেখন।
জলে নামি যাই পাচে কৰিলন্ত স্নান॥ ৩৮৫০