পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইসব কথাক আবে এহিমানে থওঁ।
শুনিয়ো মাধৱদেৱ আৰু কিছু কওঁ॥ ৩৮৩৪
বৰ বৰ নটুৱাক তুমি নকৰিবা।
আৰু যদি কৰা তবে দুখক লভিবা॥
তিনিজন লোকৰ নুহিকো গুৰু আমি।
নিশ্চয় কৰিয়া তাক কহো শুনা তুমি॥ ৩৮৩৫
ৰাজা স্ত্ৰী কৰ্মকাণ্ডী ব্ৰাহ্মণসবৰ।
কাদাচিতেো আমি গুৰু নোহো ইসবৰ॥
ৰাজনীতি ৰাজকৰ্ম্ম কৰিব লাগয়।
হাঁহ ছাগ কাটি ব্যভিচাৰী প্ৰৱৰ্ত্তয়॥ ৩৮৩৬
এতেকতে ৰাজাৰ শৰণ আছে কৈত।
কিমতে হইবেক ৰাজা কৃষ্ণত ভকত॥
পৰম অধৰ্ম্মী স্ত্ৰী পাপৰ শৰীৰ।
তাই কি জানিবে মহিমা ভকতিৰ॥ ৩৮৩৭
অসত্যত পৰে আৰো সত্যবাণী নাই।
কাষকেস মন পাপকেসে ফুৰে গাই॥
পাপ কৰি আসি তাতো শপত কৰয়।
দেখিয়ো সাক্ষাতে তেন কিছু নাহিকঁয়॥ ৩৮৩৮
কৰ্ম্মকাণ্ডী বিপ্ৰ প্ৰত কাৰ্য্যক কৰয়।
প্ৰতক উছৰ্গি বস্তু আনিয়া ভুঞ্জয়॥
এতেকে অধৰ্ম্মী সিটো পৰম দুৰ্ম্মতি।
ইহ পৰকালে তাৰ নাই নাই গতি॥ ৩৮৩৯