পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনন্তৰে শয়ন কৰিলা ৰমানন্দ।
দুইহান্তৰো চাই আছে পীৰিতি আনন্দ॥
ভকতসকলে খানে থানে শুতিলন্ত।
ইসব কথাক তাৰাসবে নাজানন্ত॥ ৩৮১৮
শঙ্কৰ গুৰুৱে মাধৱক ধৰি আনি।
আপোন আসনে বৈসাইলা মহামানী॥
মহাপ্ৰেমে থাকি দুয়ো একঠাই ভৈলা।
শঙ্কৰৰ গাৱে মাধৱ লীন গৈলা॥ ৩৮১৯
ৰমানন্দে দেখি পাচে বিস্ময় মানিলা।
মনে মনে যাই পাচে ভক্তক কহিলা॥
হেন শুনি ভক্তে পাচে জিজ্ঞাসিয়া চাইল।
শঙ্কৰদৱে মাত্ৰ শৰ্য্যাত দেখিল॥ ৩৮২০
বিস্ময় দেখিয়া সবে এহিমতে ৰৈলা।
আৰোবাৰ দুই জনে আবিৰ্ভাৱ ভৈলা॥
আত অনন্তৰে যেবে এহিমতে আছে।
মাধৱ দেৱতা কথা পুচিলন্ত পাছে॥ ৩৮২১
শৰণ ভোজন ভক্তি তত্বক কহিয়ো।
হৰি ভক্তি মহাৰত্ন মোক আবে দিয়ো॥
হেন শুনি গুৰু ধৰিলন্ত নিজৰূপ।
দেখিয়া মাধৱে পাচে আতি ভৈলা চুপ॥ ৩৮২২
শঙ্খ চক্ৰ গদা পদ্ম ধৰি চাৰিহাতে।
হেন ৰূপ ধৰি ব্যক্ত ভৈলন্ত আগতে॥