পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱে বোলন্ত অৱশেষ অন্ন দিয়ো।
চৰণত ধৰো মোৰ বচন কৰিয়ো॥ ৩৮১২
হেন শুনি শুৰু দিলা অৱশেষ অন্ন।
মাধৰে আনন্দমনে কৰিলা ভোজন॥
মাধৱৰ অন্ন পাচে শঙ্কৰে খুজিলা।
তাহাৰ পাতৰ অন্ন আপুনি ভুঞ্জিলা॥ ৩৮১৩
মাধৱে বোলন্ত কেনে কৰাহা অন্যায়।
তল গৈলো বাপ মোৰ গতি আৰ নাই॥
শঙ্কৰে বোলন্ত আত কিছু দোষ নাই।
ভিন্ন ভাৱ নাই তুমি আমি একে কায়॥ ৩৮১৪
এতেকেস ভুঞ্জিলোহো তযু অন্ন আমি।
থাকিয়োক শঙ্কা কিছো নকৰিবা তুমি॥
আত অনন্তৰে ভুঞ্জি যেবে উঠিলন্ত।
আসনে বসিয়া মুখশুদ্ধি কৰিলন্ত॥ ৩৮১৫
শঙ্কৰে বুলিলন্ত মাধৱৰ মূখ চাই।
মোৰ লগে শয়ন কৰিব আজি যাই॥
মাধৱে বোলন্ত বাপ নুবুলিবা আক।
চৰণত ধৰি তুতি কৰোহো তোমাক॥ ৩৮১৬
অনন্তৰে পাৰিলন্ত শৰ্য্যা শয়নৰ।
মাধৱক হাতে ধৰি নিলন্ত শঙ্কৰ॥
দুইজন যাই পচে শৰ্য্যাত বসিলা।
মাধৱ দৱতা গুৰু পাৱক জাণ্টিলা॥ ৩৮১৭