পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৃন্দাবনীয়া বস্ত্ৰখন উলিয়াই লই।
দৃশ্যসব চাই চাই বৰ্ণনা কৰয়॥
ক্ৰমে ক্ৰমে ৰাজাৰ আগ্ৰহ চৰি গৈল।
সকলোকে এৰি মাত্ৰ ধৰ্ম্মে মন হৈল॥ ৩৭৫২
শুনা সৰ্ব্বজন এহি শঙ্কৰৰ লীলা।
ৰাজা প্ৰজা সকলোকে ধৰ্ম্ম শিক্ষা দিলা॥
কহে ৰামচৰণ অজ্ঞান শিশুমতি।
গুৰুৰ চৰণ ভিন্ন নাহি আন গতি॥ ৩৭৫৩