পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰৰ আবাসক ছাত্ৰসব যাই।
নানা শাস্ত্ৰৰ নানা যুক্তি তত্ত্বক সোধয়॥ ৩৭৪৬
সমস্ত প্ৰশ্নকে গুৰু দিলন্ত বুজায়।
শুনিয়া সবেও তাক অদ্ভুত মানয়॥
সেহি কথা কয় ছাত্ৰে পণ্ডিতসবক।
বলে নোৱাৰিব তৰ্কে শঙ্কৰদেৱক॥ ৩৭৪৭
উপায় চিন্তিলে এক পণ্ডিতসকলে।
ৰাজাৰ আগত শঙ্কৰক বখানিলে॥
ৰাজাই সন্তোষ পাই ধন বস্ত্ৰ দিব।
এহি উপায় ভিন্ন আৰ উপায় নহব॥ ৩৭৪৮
এহি যুক্তি কৰিয়া ৰাজসভাক যাই।
শঙ্কৰদেৱক সবে প্ৰশংসা কৰয়॥
বুজিলোহে আমি যুগধৰ্ম্ম অনুসাৰে।
যি ধৰ্ম্মক প্ৰৱৰ্ত্তাইছে শ্ৰীমন্ত শঙ্কৰে॥ ৩৭৪৯
এহি ধৰ্ম্মে তাৰিলন্ত লোক সমস্তক।
তাক নুবুজিয়া নৰে মৰে অনাহক॥
এহিৰূপে আনো নানা প্ৰশংসা কৰিল।
শুনিয়া ৰাজাৰ মনে হৰিষ মিলিত॥ ৩৭৫০
ধন-বস্ত্ৰ দিয়া ৰাজা সবাকো তুষিল।
সব কথা কৈ সবে সমাদৰ পাইল॥
প্ৰতিদিন ৰাজসভাক আসয় শঙ্কৰ।
কৃষ্ণ কথা আলাপিয়া থাকে নিৰন্তৰ॥৩৭৫১