পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয়ে ব্ৰহ্মা তৃতীয়ে গঙ্গাৰ উৎপত্তি।
এহি তিনি কথা আবে কহিয়ো সম্প্ৰতি॥ ৩৭০৯
হেন শুনি উত্তৰ দিলন্ত বিপ্ৰগণ।
শুনহে যৱন তোৰ কথাৰ সমিধান।
বিষ্ণুৰ মুখত বেদ ব্ৰহ্ম নাভি কমলে।
গঙ্গা হুইলে পদে বেদ শাস্ত্ৰাদিয়ে বোলে॥ ৩৭১০
কথা শুনি চালাই কৰি উত্তৰ।
অৰো অঙ্গ আহে নাই বোলা ঈশ্বৰৰ।
যদি তিনি অঙ্গে হৈল তিনিৰ উৎপত্তি।
তেন্তে কোৱা কিয় নাই বিষ্ণুৰ আকৃতি॥৩৭১১
চান্দসাৰ কথাত বিপ্ৰ তিনিজন।
উত্তৰ নাপাই সবে কৰে আন মন।
লজ্জিত হুইয়া বিপ্ৰে বিষাদিত মন।
তথাহতে গৃহমুখে কৰিলা গমন॥৩৭১২
আৰো এক কথা সবে শুনা কৰ্ণভৰি।
একাদশী দিনে গুৰু ব্ৰত আছে ধৰি।
শুকাই আছন্ত মুখ দেখিলন্ত আই।
আনিলন্ত বলৰাম ভক্তক মতাই॥ ৩৭১৩
আয়ে বোলে কোৱা গৈয়া গুৰুৰ আগত।
ৰাত্ৰিকালে ফলাহাৰ কৰোক গৃহত।
আইৰ কঠাসব বলৰাম নিবেদিল।
ক্ৰোধ কৰি গুৰু তাক খাইবাক বুলিলা॥ ৩৭১৪