পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱতাৰে নাম ৰূপ গুণ প্ৰকাশয়।
সিসবক চিন্তি লোকে সংসাৰ তৰয়॥
আকাৰ নহলে চিন্তিবাৰ হেতু নাই।
আকাৰ বিহীনে নাই তৰণ উপায়॥৩৭০৪
এহি যুক্তি নমানিয়া তৰ্কবাদ কৰে।
কথা শুনি চান্দসাই বুলি সত্বৰে॥
মই অতি হীন জাতি ম্লেচ্ছ মধ্যে গণ্য।
এক কথা পুছো কোৱা নকৰি অমান্য॥ ৩৭০৫
যৱন বৈষ্ণৱে কথা পুছিলেক যেৱে।
লাগিল অগনি যেন বিপ্ৰসব গাৱে॥
অস্পৃশ্য যৱন তোৰ কথা শুনে কোনে।
নমাতিয়া থাকা বহি শুন মনে মনে॥৩৭০৬
চান্দসায়ে ব্ৰাহ্মণৰ নুশুনিয়া কথা।
পুনু প্ৰাৰ্থিলন্ত মোক নকৰা অন্যথা॥
এহিৰূপ প্ৰাৰ্থনাত ব্ৰাহ্মণসকলে।
ক্ৰোধমনে অনিচ্ছাত সন্মতক দিলে॥৩৭০৭
কিবা পুছিবাক খোজা পুছা আবে তই।
সত্বৰে কহিয়ো তোৰ মনৰ আশয়॥
আদেশ পাইয়া চান্দসাই ৰঙ্গ কৰি।
বুলিবে লাগিলা কথা বিলম্ব নকৰি॥৩৭০৮
শুনা গুৰুসব মোৰ কথা সবিনয়।
প্ৰথম ত বেদ আছে কৈৰপৰা হই॥