পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰু শুনা এহিজন লৰা ব্ৰাহ্মণৰ।
এৰি গৈলে দিব বাপ ৰাজাত গোচৰদিব্য
শীঘ্ৰে ধৰি নিয়া গুৰু কাটিব আমাক।
সেহি হেতু এৰিবাক নপৰো ইহাক॥ ৩৬৮২
শুনিয়া শঙ্কৰ গুৰু বুলিলেক বাক।
স্নেহে গুৰু উপদেশ দিলন্ত তাহাক॥
শুনিয়ো গোপাল তুমি মোহোৰ বচন।
নলাগে থাকিবে এথা যোৱা এতিক্ষণ॥ ৩৬৮৩
উপযুক্ত কাল ভেলে আসিব ইহাক।
ভক্তি ধৰ্ম্ম আচৰিবা বোলো নিষ্ঠবাক॥
গুৰুবাক্যে গোপালদেৱ সন্তোষ লভিলা।
ৰঙ্গমনে মুদৈ সঙ্গে স্বদেশে চলিলা॥ ৩৬৮৪
এহিমতে গুৰু যেবে ধৰ্ম্মক প্ৰচাৰি।
পাটবাউসী ধামে আছে ৰঙ্গমন কৰি॥
এক নাও ৰাখিছিল ধনুখুন্দা বিলে।
জাম্পদিয়া লোকে তাৰ টিঙ্গক ভাঙ্গিলে॥ ৩৬৮৫
ভাঙ্গিল টিং তাক কেৱে নেদেখিল।
গুৰুজনে সেহি কথা সবাকে পুছিল॥
নাজানো বুলিয়া কৈলে সবে ভক্তলোক।
মনতে ভাবিয়া গুৰু নকৈলা তাহাক॥ ৩৬৮৬
হেনকালে বঢ়াৰপো আহি দেখা দিলা।
গুৰুৰ দুখমন হেতু মাধৱে পুছিলা॥