পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদেশ দিয়োক বাপ নোহে যেন কোন পাপ
 ফলাহাৰে একাদশী কৰি।
মনে মুখে এক কৰি বুলি ৰাম কৃষ্ণ হৰি
 অনায়াসে জীৱ যায় তৰি॥
কথা শুনি মাধৱৰ আনন্দ হইলা বৰ
 প্ৰশংসিয়া বুলিলা মাধৱে।
কহিলা যিবা তুমি সিকথাৰ মৰ্ম্ম আমি
 কহিবোহো শুনা তুমি আৱে॥ ৩৬৫৩
বেদান্তেও কয় তাকে কহিলোহো মই আবে
 ইটো কথা অবিধি নহয়।
শুনা সবে সাধুগণ মোৰ বাক্যে দিয়া মন
 নামে দোষ সবে হোৱে ক্ষয়॥
গুৰুৰ আজ্ঞাক পাই ভক্ত যত সমুদায়
 মনে আতি আনন্দ লভিলা।
তাত পাচে যিবা ভৈলা শঙ্কৰৰ লীলা খেলা
 শুনা যেন লোকক তাৰিলা॥ ৩৬৫৪
এহি সময়ত গুৰু ভকতৰ কল্পতৰু
 বহু নাট গীতক ৰচিলা।
ব্ৰহ্মপুৰাণক চাই উৰেষা অধ্যায় লই
 কীৰ্ত্তনত যোগ কৰি দিলা॥
এহিৰূপে গুৰুজনে নাম ধৰ্ম্ম বিতৰণে
 সাধিলা লোকৰ মোক্ষপন্থ।