পৃষ্ঠা:গুৰুচৰিত.djvu/৮০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদি অন্ত কথা পাচে সমন্তে কহিলা।
পেৰাক মেলিয়া গুৰু পুথিক দেখিলা।
পাচে গুৰু পুথিখানি আদি অন্ত চাই
হৰ্ষমনে মাধৱক কৈলা সমুদায়॥৩৬৩৩
শুনিও মাধৱ ইটো ভক্তিগ্ৰন্থ সাৰ।
এক শৰণ বিনে পাবা ভকতি ভাণ্ডাৰ।
থাকে যদি এহি গ্ৰন্থে এক ধৰণ জানা।
জগতে নহয় ভক্তি ইহাৰ তুলনা॥৩৬৩৪
কথা শুনি গুৰুমুখে গ্ৰন্থ সবিশেষ।
আদি অন্ত পঢ়িলন্ত কৰিয়া নিশেষ।
মাধৱ বোলন্ত বাপ আছে সমুদায়।
শৰণ বিৰোচন ধৰ্ম্ম অন্তত আছয়॥৩৬৩৫
এহি বুলি দেখাইলা গুৰু শঙ্কৰক।
শঙ্কৰে দেখিয়া পুথি লৈলা মস্তকত।
বুলিলন্ত মহা দিব্যগ্ৰন্থ এহি সাৰ।
আন কোন শাস্ত্ৰ আছে সমান ইহাৰ॥৩৬৩৬
আগত যদিহে পাওঁ এহি এন্থখান।
ৰত্নাকৰ লেখিবাৰ নাই প্ৰয়োজন॥
হেন মনে চিন্তি গুৰু পদ কৰো বুলি।
মহী কাকত ঠিক কৰি হাতে লৈলা তুলি ৩৬৩
দুটি পদ দেখি গুৰু ভকতি ভাৱত।
অস্থিৰ হইয়া পৰে হাৰ কাৰুত॥