পৃষ্ঠা:গুৰুচৰিত.djvu/৮০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কহিলন্ত শুনি কণ্ঠভূষণ বিপ্ৰবৰ।
কৰিছে পদক জানা নামত শঙ্কৰ॥ ৩৬২১
বটদ্ৰৱা নামে গ্ৰামে জনম তাহাৰ।
একশৰণ ধৰ্ম্ম তেহে কৰিছে প্ৰচাৰ।
কৰিলোহো তৰ্ক মই তাহাৰ লগত।
নাপাৰি তাহাক মই জিনিতে বাদত॥৩৬২২
শাস্ত্ৰ চৰ্চা কৰো বুলি আসিলো ইঠাই।
দিয়া শিক্ষা গুৰুদেৱ সেৱো তযু পাৱ।
ভূষণ দ্বিজৰ কথা পণ্ডিতে শুনিয়া।
অতি হৰ্ষমনে বোলে গুৰুক স্মৰিয়া ৩৬২৩
বিষ্ণুপুৰী গুৰুৰ ৰত্নাৱলী আনি।
ব্ৰহ্মানন্দে মেলি দেখে সত্য গুৰুবাণী।
আছিলন্ত বিষ্ণুপুৰী সন্ন্যাসী মহন্ত।
ভাগৱত ভক্তি শ্লোক আনি লেখিলন্ত॥ ৩৬২৪
ৰত্নাৱলী নাম দিয়া ভাগৱত সাৰ।
ৰাখিলন্ত শ্লোক লিখি উপৰে তাহাৰ।
বকাৰ আদি গ্ৰাম শকাৰ নাম ধৰি।
কায়স্থ কুলত জন্মিবন্ত শ্ৰীহৰি। ৩৬২৫
সিকালত ৰত্নাৱলী আপুনি উলটিব।
আমাৰ কথাৰ তুমি প্ৰমাণ বুজিবা॥
আসিব পণ্ডিত এক পূৰ্ব্ব দেশ হন্তে।
ই শাস্ত্ৰ দিবা তুমি পণ্ডিতৰ হাতে॥৩৬২৬