পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অধিক বোৱা দেখি প্ৰশংসা কৰিলে
সেহি হেতু মাধৱক বঢ়াৰ পো বোলে॥
শেষ কৰিলন্ত ক্ৰমে কাপোৰক বুই।
যতনে ৰাখিলে তাক উদ্দেশ্যক লৈ॥ ৩৬১৬
আত অনন্তৰে আৰো শুনা কথা আন।
যিবা যিবা কথা ভৈলা পাটবাউসী থান॥
কণ্ঠভূষণ নামে আছে বিপ্ৰবৰ।
শঙ্কৰৰ লগে বাক কৰিলা বিস্তৰ॥৩৬১৭
বাদত নোৱাৰি বিপ্ৰে দুখ মন কৰি।
কৰিবন্ত বাদ পাচে কাশীধামে পঢ়ি॥
এহি ভাবি বিগ্ৰে কাশী গমন কৰিল।
ব্ৰহ্মানন্দ পণ্ডিতৰ সমীপ চাপিল॥ ৩৬১৮
ব্ৰহ্মানন্দে বোলে শুনা কণ্ঠভূষণ।
পঢ়িবাহা ভাগৱত শাস্ত্ৰৰ গহন॥
পণ্ডিতে পঢ়াই ভাগৱত বিপৰীত।
ব্ৰহ্মাস্তুতি পালে গৈয়া হেন সময়ত॥ ৩৬১৯
নোৱাৰে লগাব দেখি পঢ়াৰ সঙ্গতি।
মাতিলত পদক ভূষণ মহামতি॥
শঙ্কৰে কৰিছে পদ জানিবাহা তাক।
ব্ৰহ্মানন্দে শুনি তাক পালে আনন্দক॥ ৩৬২০
সুধিলন্ত কোনে পদ কৰিয়া আছয়।
সন্তোষিত ভৈলো পদে দিয়া পৰিচয়॥