পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহিমতে চিন্তা কৰি উপায় লাগিলা।
তাতীসকলক আনি কাপোৰক বুইলা॥ ৩৬১০
বৃন্দাবনীয়া নামে বস্ত্ৰ অতি মনোহৰ।
বুৱাইলা প্ৰৱন্ধে তাক শ্ৰীমন্ত শঙ্কৰ॥
বৃন্দাবন মথুৰাৰ যতমানে লীলা।
কৰি লন্ত পট তাত চিত্ৰক তুলিলা॥ ৩৫১১
কৃষ্ণৰ জন্মৰ হতে কংসবধ মানে।
নাৰাখিলে বাকী একো তুলিলা সঘনে॥
দীৰ্ঘে ছয়কুৰি হস্ত প্ৰস্থে কুৰি তিনি।
এহি পৰিমাণে বস্ত্ৰ বুৱাইলা আপুনি॥ ৩৬১২
যত পট আছে মানে নিজেই তুলিলা।
এবেগেত পৰিমাণে দৈনিক বুৱালা॥
একদিনা শ্ৰীগুৰু শাস্ত্ৰক লিখিলে।
মাধৱক বস্তু বুইবাক আদেশিলে॥ ৩৬১৩
ব্ৰজমোহন লীলা সেহি দিন আছিল।
খৰধৰ কৰি তাঙ্ক শেষক কৰিল॥
মাধৱৰ বোৱা হল ষোড়শ আঙ্গুল।
শ্ৰীশঙ্কৰ গুৰু পাচে তাক নিবেদিল॥ ৩৬১৪
এবেগেত চাৰি আঙ্গুল আজি বুই আছো।
কোনমতে বাপ মই বাক্কয পালিছো॥
এহি বুলি মাধৱে সেৱাক কৰিলা।
শুনিয়া শঙ্কৰে আটি হৰষিত হৈলা॥ ৩৬১৫