পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰে বুলিলা লাগে ৰাজাক পালিতে।
চাম মই যত শীঘ্ৰে পাৰো আনি দিতে॥ ৩৫৯৯
সভা ভঙ্গে সবলোক নিজস্থানে গৈল।
ৰাজাৰ সভাৰ লোক ক্ষণে অন্ত হৈল॥
শ্ৰীশঙ্কৰে ৰাত্ৰিভাগে শাস্ত্ৰক লিখিলা।
গুণমালা নাম দিয়া ভুৰুকাত ভৰালা॥ ৩৬০০
প্ৰভাততে উঠি গুৰু নিত্যকৰ্ম্ম কৰি।
ৰজাৰ সভাত যায় উঠে দৰাদৰি॥
ৰাজা দেখি ৰঙ্গমনে বৈসাইলা সাদৰি।
শঙ্কৰে ভুৰুকা নিয়া দিলা আগবাঢ়ি॥ ৩৬০১
দেখিলন্ত ৰাজা তাত আছে ভূৰ্জপত্ৰ।
তাহত দেখিলা ৰজা আছে ভাগৱত॥
আনন্দিত মনে ৰাজা ঠগী এক আনি।
ৰাখিলা তাহাত নিয়া সেহি শাস্ত্ৰ খানি॥ ৩৬০২
মহাৰাজ বোলে বাপ পাঠ কৰিয়োক।
কৃষ্ণকথা ৰস পিয়া লভো আনন্দক॥
ৰাজাৰ আদেশে পাঠ কৰিলা শঙ্কৰ।
ভাগৱত সাৰ শুনি সুখী নৃপবৰ॥ ৩৬০৩
ৰাজা বোলে তুমি বাপ ঈশ্বৰ সাক্ষাত।
বৃন্দাবন কৃষ্ণলীলা বন্ত্ৰে আকা ঐক॥
শঙ্কৰে বুলিলা বহু আয়োজন লাগে।
বস্ত্ৰত তুলিতে সুতা লাগে ভাগে ভাগে॥ ৩৬০৪