পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰে শুনিয়া হৰ্ষান্বিত হৈলা আতি।
দিলন্ত ডগলা তাক সন্তোষতে মাতি॥ ৩৫৮৮
হৰিৰ নামক লৈলে পাপী লোক তৰে।
ঘাটৈৰ নামত তৰিলন্ত মৃত্যু নৰে॥
ৰাজাৰ হেলাত জানা দলং ভাঙ্গিল।
সেহি হেতু নৰহত্যা পাপ পৰশিল॥ ৩৫৮৯
ৰাজাৰ পাপক খণ্ডি পুণ্য উপজোক।
সেহি হেতু দিলা চোলা ঘাটৈ ভক্তক॥
পাচ দিনা গুৰু যেবে স্নান দান কৰি।
ৰাজাৰ সভাত থিয় হৈলন্ত আদৰি॥ ৩৫৯০
ব্ৰাহ্মণসকলে বহু শাস্ত্ৰক বিচাৰি।
প্ৰশ্ন কৰিলন্ত শঙ্কৰক লক্ষ্য কৰি॥
তন্ন তন্ন কৰিয়া খণ্ডন কৰিলন্ত।
শঙ্কৰেও ব্ৰাহ্মণক প্ৰশ্নক দিলন্ত॥ ৩৫৯১
সিদ্ধান্ত নোৱাৰি দিব সবে হাই কৰে।
দেখিয়া ৰাজাৰ খং উঠিলন্ত বৰে॥
খঙ্গিয়া বুলিলা ব্ৰাহ্মণৰ মুখ চাই।
কি কাৰণে সভা মাজে কৰাহা অন্যায়॥ ৩৫৯২
শুনা শুনা দ্বিজগণ কেনে কৰা গৰ্ব্ব।
শঙ্কৰক নাপাৰিবা জানো তোৰা সৰ্ব্ব॥
পূৰ্ব্বহস্তে জানো শ্ৰীশঙ্কৰ বিজ্ঞবৰ।
মিছাতে দিলাহা আনি তোমৰা গোচৰ॥ ৩৫১৩