পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্ৰাহ্মণসবক দিলা অৰ্থ কৰিবাক।
নোৱাৰি ব্ৰাহ্মণ সবে কৰে আক বাক॥
শঙ্কৰক দিলন্ত পাচে কৰিবে অৰ্থক।
চাৰি বিধ অৰ্থ কৰি বুজাইলন্ত তাক॥ ৩৫৮৩
হেন দেখি ৰাজা প্ৰশংসিলা বাৰম্বাৰ।
বোলন্ত প্ৰভাৱ মই জানো শঙ্কৰৰ॥
যাৰ ভকতিৰ শক্তি ভোটে দেখা পাই।
এৰি থৈ গৈলা পলাই টকাক নলয়॥ ৩৫৮৪
এহি বুলি প্ৰশংসা কৰিলা বহুতৰ।
হৃদি ফাটি গৈলা শুনি ব্ৰাহ্মণসবৰ॥
সন্তুষ্ট হইয়া ৰাজা সমাদৰ কৰি।
সুৱৰ্ণ ৰচিত ডগলা এক দিলন্ত সাদৰি॥ ৩৫৮৫
শুনিয়ো শঙ্কৰদেৱ মোহোৰ বচন।
পুৰস্কাৰ দিলো তাক কৰিও গ্ৰহণ॥
শুনিয়া শঙ্কৰদেৱে হেলাক নকৰি।
ৰাজ প্ৰসাদক লৈলা সমাদৰ কৰি॥ ৩৫৮৬
ৰাজসভা ভঙ্গ হুইল গুৰু আহে থানে।
বাটে পথে লোকে দেখি হৰি হৰি ভণে॥
বাটতে আছিল এক দলং বিশেষ।
লোকৰ ভীৰত দলং ভাঙ্গিল নিশেষ॥ ৩৫৮৭
দুই তিনি লোক পৰি মৰিলন্ত তাত।
হৰিধ্বনি দিলা দেখি ঘাটৈয়ে হঠাৎ॥