পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬৮
গুৰু-চৰিত

নিবৃত্তি মাৰ্গত চলাহে যুগুত
 মাত্ৰ তাত হৰিনাম॥
প্ৰবৃত্তি মাৰ্গত পূজা অন্তৰ্গত
 দেৱক সন্তুষ্ট কৰে।
নাই নিবৃত্তিৰ বাহিৰে বিষ্ণুৰ
 পূজা অর্চ্চনাত পৰে॥ ৩৫৫৭
সংসাৰ সাগৰ বিষ্ণুৰ নামৰ
 বাহিৰে তৰণ নাই।
কলিৰ কালত লোক সমাজত
 তাকেহে বুলিছো মই॥
তাক নজানিয়া বিদ্বেষ কৰিয়া
 মোহোৰ বিৰুদ্ধে কয়।
সোধা মহাৰাজ ব্ৰাহ্মণ সমাজ
 দ্বিজবন্ধু কাহাক কয়॥ ৩৫৫৮
বুলিলা ব্ৰাহ্মণে লোক শাস্ত্ৰগণে
 বিধৱা পুত্ৰক কয়।
শুনিয়া শঙ্কৰ দিলন্ত উত্তৰ
 ফুৰাহা পণ্ডিত বোলাই॥
শাস্ত্ৰৰ কথাৰ উত্তৰ দিবাৰ
 অলপো ক্ষমতা নাই।
দ্বিজবন্ধু মানে বেদ শাস্ত্ৰগণে
 অধম দ্বিজক কয়॥ ৩৫৫৯