পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৩
যষ্ঠ খণ্ড

কৈলা দূতে যাই কৰি‍য়া বিনয়
 ৰাজাৰ সকলে কথা।
শুনি চিলাৰায় নগৈল প্ৰত্যয়
 ভাবি গুণি পূৰ্ব্বকথা।৷৩৫৪৩
দূতৰ আগত নকৰি কপট
 বুলিলা মনৰ ভাৱ।
বিশ্বাস কৰিবে নপাৰো জানিবা
 দাদাৰ আছে কুভাৱ।
পঠায়া দিয়োক স্নেহৰ পাত্ৰক
 ৰাখি থৈবো মই তাক।
দিবো শঙ্কৰক কোৱা গৈ দাদাক
 দূতেও কৈলা ৰাজাক৷৷৩৫৪৪
ৰাজা শুনি কথা নকৰি অন্যথা
 পঠাইল এক পাত্ৰক।
আদৰ বচন কৈলা অগণন
 সন্তোষ মনে অনেক।
শুক্লধ্বজে‍ পাচে শঙ্কৰৰ কাষে‍
 কৈলা আনন্দিত মনে।
শঙ্কাক নকৰি যোৱা শীঘ্ৰ কৰি
 বাৰ্ত্তাক লবো সঘনে।৷৩৫৪৫
শুনি গুৰুজন ৰঙ্গ কৰি মন
 ৰাজাৰ সভাক গৈলা।