পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাটবাউসীক যাই কবা সমুদাই।
আমাৰ নিমিত্তে কাৰো চিন্তা একো নাই॥
সকলোকে কবা তুমি যত বিবৰণ।
ঘৰত সবাৰে যেন থিৰে থাকে মন॥ ৩৫২৯
আদেশ পাইয়া আতা বিদায়ক হুই।
ঘৰ মুখে চলিলন্ত ভাৰ্য্যা পুত্ৰ লই॥
ক্ৰমে ক্ৰমে আসিয়া নিজগৃহ পাইল।
আনন্দ লভিল ইষ্ট কুটুম্বসকল॥ ৩৫৩০
দুই চাৰিদিন আতা থাকি নিজ ঘৰে।
গণককুছিক খোজ লৈলা ধীৰে ধীৰে॥
শ্ৰীমাধৱদেৱে দূৰহন্তে দেখা পাই।
কোনবা আহিছে বুলি থাকিলন্ত চাই॥ ৩৫৩১
বুলিলে আতাক দেখি পাচে হৰ্ষ মন।
কিছু খোজ আগবাঢ়ি হুইল মিলন॥
আকলিয়া ধৰিলন্ত সখি সখি বুলি।
অতি হৰ্ষচিত্তে দুয়ো কৰে কোলাকোলি। ৩৫৩২
মাধৱে বুলিলা সখি কোৱা শীঘ্ৰ কৰি।
বেহাৰৰ যত কথা সমস্ত বিবৰি॥
বুলিলন্ত আতা আদি অন্তু সমস্তক।
শুনিয়া মাধৱে আতি কৰিলন্ত শোক॥ ৩৫৩৩
দুই সখিৰ চকুলো নিগৰি পৰিল।
কিছুক্ষণ দুইজনে নামাতি থাকিল।