পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাজা বোলে নাজানিয়া বহু কষ্ট দিলো।
আবেসে সিসব দোষ ক্ষমাক মাগিলো॥
যাইবে পাৰা তুমি আৱে দিলোহা মেলানি।
পূৰ্ব্বৱতে থাকা গাই ৰাম-কৃষ্ণ বাণী॥ ৩৫০৭
আতা বোলে মহাৰাজ সদয় যদি হোৱা।
বিদায় দিয়োক মোক পত্ৰ লেখি দিয়া॥
শুনি ৰাজা আতিশয় হৰ্ষ চিত্ত কৰি।
পৰণা লেখিয়া দিলা সিংহচাব মাৰি॥ ৩৫০৮
ধুমচি মাৰেচা চোৰ চৰিল যতেক।
সবাকো এৰিলা ৰাজদায়ী ব্যতিৰেক॥
কাকত পাইয়া আতা বিদায় হুইল।
সহিহৰি সহ ধীৰগতি চলি গৈল॥ ৩৫০৯
এহিমতে গৈয়া সহিহৰি গৃহ পাইল।
সেহি সময়ত আইৰ প্ৰসৱ হইল॥
প্ৰসবিয়া আই একগুটি পুত্ৰ পাইল।
শুনিয়া আতাই পাচে স্নানক কৰিল॥ ৩৫১০
শুভক্ষণ চাই আতা দেখি পুত্ৰমুখ।
দুখ অন্তে লভিলন্ত খন্তেকৰ সুখ॥
ক্ৰমে খোজ কাঢ়ি আতা ফুলবাৰী পাইল।
গুৰুৰ খবৰ পাই হৰ্ষান্বিত হুইল॥ ৩৫১১
উপস্থিত হুইল আতা আনিয়া সভাৰ্য্যে।
সেহি সময়ত গুৰু গৈছে পানী কাৰ্য্যে॥