পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভকতক সদা কৃষ্ণে ৰক্ষা কৰি ফুৰে।
কৃষ্ণৰ কৃপাত দুখে কটাক্ষ নকৰে॥ ৩৫০১
যুক্তি যুক্ত কথা শুনি আতাৰ মুখত।
চৰণ সেৱিলা পৰি আই আনন্দত॥
ইহাৰ পাচৰ কথা শুনা সৰ্ব্বজন।
কথা শুনি ৰাজাৰ বিস্ময় ভৈলা মন॥ ৩৫০২
সহিহৰিক আনিয়া বুলিলা বচন।
আনা গৰমলি সেহি দেও লোকজন॥
যাহাক বান্ধিয়া নিতে ভোট হইল কাণা।
সেহি জন লোক শীঘ্ৰে ঐক ধৰি আনা॥ ৩৫০৩
দেখো মই তাক কেনে সিটো দেও লোক।
কিহেতু ভোটসবে এৰি গৈলা তাক॥
শুনি গৰমলি গৈলা আথে বেথ কৰি।
আনিলন্ত শীঘ্ৰে আতা ঠাকুৰক ধৰি॥ ৩৫০৪
আনিয়া আতাক ৰাজাৰ আগে দিলা।
আতাৰ শৰীৰে ৰাজা মন দিয়া চাইলা॥
পদহন্তে মস্তকক নিৰেখি দেখিল।
পুৰুষ লক্ষণ দেখি নমাতি ৰহিল॥ ৩৫০৫
ছত্ৰাকাৰ মাথা বাহু আজানুলম্বিত।
দেখিলন্ত আতা গাৱে বহু সুশোভিত॥
আনো নানা গুণ দেখি বিমোহিত হই।
ৰাজা দেখিলন্ত সিটো আতি শুভানয়॥ ৩৫০৬