পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সি কাৰণে অঙ্গসবে শান্তিক পাৱয়।
গৰমলি কৰ শাস্তি যতেক আছয়॥ ৩৪৬৮
এহি শাস্তি পায়ো কহে শঙ্কৰ সদাচাৰী।
শুনি খঙ্গে অগ্নি যেন ভৈলা গৰমলি॥
চন্দন কাঠৰ এক আধটিয়া পাই।
বাম হাত ভাঙ্গিলন্ত তাহাৰে কোবাৰ॥ ৩৪৬৯
অসহ্য তাড়না পায়া গোকুলচান্দই।
সহিবে নাপাৰি কহো বুলিয়া মাতয়॥
শুনি এহি কথা আতা খঙ্গিলন্ত আতি।
গোকুলচান্দক কথা বুলিলন্ত মাতি॥ ৩৪৭০
শুন গোকুলচান্দ তই কিবা কথা কবি।
মিছা গুৰু গ্লানি কৈয়া নাৰকীহে হবি॥
কওঁ কওঁ বুলি তই কবি কিবা কথা।
শৃগালে খাইবে নেকি পশুৰাজ মাথা॥ ৩৪৭১
যাবা কহ তাকে মই নুহোনোহো তাক।
পৰিত্যাগ কৰিলেহো আজিয়ে তোমাক॥
এহি কথা বুলি কানে আঙ্গুলিক দিয়া।
আছিলন্ত কতোক্ষণ চক্ষুক মুদিয়া॥ ৩৪৭২
চক্ষু মেলি গোকুলক দেখাক নাপাইলা।
নেদেখিয়া আতা বৰ আনন্দিত ভৈলা॥
গৰমল বোলে তুমি কৰা কিবা কাম।
অহৰ্নিশে লোৱা মাত্ৰ ঈশ্বৰৰ নাম॥ ৩৪৭৩