পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰক নাপাই আনি আছো দুজনক।
শঙ্কৰৰ দ'ল বুলি কহিছে আমাক॥
সুধিলন্ত ৰাজা পাচে দুই মহন্তক।
শঙ্কৰেনো কি আচিৰে কহা ভক্তলোক॥ ৩৪৬৩
সদাচাৰী হয় কিম্বা হয় অনাচাৰী।
এহি কথা কহা তোৰা মোক নিষ্ট কৰি॥
আতা বোলে গুৰুজন হয় সদাচাৰী।
আসিছে তাৰিব জীৱ কৃপাময় হৰি॥ ৩৪৬৪
ৰাজা বোলে যদি হয় শঙ্কৰ সদাচাৰী।
ঈশ্বৰ প্ৰতিমা কেনে ফেলে নষ্ট কৰি॥
হোম যজ্ঞ তীৰ্থ ব্ৰত একোৱে নামানে।
ইৰূপ কাৰ্য্যত সদাচাৰী বোলে কোনে॥ ৩৪৬৫
এহি লি নৃপতিয়ে আদেশক দিলা।
অত্যন্ত দুখক দিয়া শাস্তিক কৰিলা॥
আঙ্গুলিক চেপা নখে শলাক সোমাই।
গাত খান্দি পোতে দাগে কোদাল তপতাই॥ ৩৪৬৬
এহিমতে নানা শাস্তি দুইকো কৰিলা।
শান্তি দিয়া পুনু উক্ত কথাক সুধিলা॥
কঠিন স্বৰূপে যি অঙ্গত শাস্তি কৰে।
আতা বোলে হন্তেকৃত কাৰ্য্যক নকৰে॥ ৩৪৬৯
পাৱে গুৰুঘৰে নতু কৰয় গমন।
মাথাগোটে গুৰুপাৱে নকৰে বন্দন॥