পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহি বুলি ৰাজবংশীলোক আঠ জন।
পঠাইয়া দিলন্ত হুয়া উৎকণ্ঠিত মন॥ ৩৪৫৭
লোকসবে শীঘ্ৰে গৈলা আদেশক পাই।
আসিলন্ত শীঘ্ৰবেগে শঙ্কৰক লই॥
আনিয়া গুৰুক পাচে দেৱানক দিল।
দেখিয়া দেৱানে গুৰু চৰণ সেৱিল॥ ৩৪৫৮
সমস্ত বৃত্তান্ত কই ফুলবাৰীত থৈল।
গুৰুকাৰ্য্য সাধি তেহে ৰঙ্গ মন ভৈল॥
ৰাজ-গৰমলি গৈয়া লাগক নপাইল।
পালিবে নাপাৰি আজ্ঞা দুখ মন ভৈল॥ ৩৪৫৯
নাৰায়ণ গোকুলচন্দ্ৰ আতৈ দুইজন।
পন্থতে আছিল আলোচিয়া কৃষ্ণগুণ॥
দেখা পাইলা দুহান্তক নৃপতিৰ চৰে।
কোন তোৰা বুলি পুছিলন্ত উচ্চৈস্বৰে॥ ৩৪৬০
শঙ্কৰৰ দাস বুলি দিলা পৰিচয়।
শুনিয়া ৰাজাৰ চৰে ধৰিয়া বান্ধয়॥
ধৰি নিলা আতাক শুনিলা গৃহিনী।
খেদ কৰি স্বামী সঙ্গে গৈলন্ত আপুনি॥ ৩৪৬১
আতাইয়ো শুদ্ধ মনে সম্মতি দিলন্ত।
আজ্ঞা পাই স্বামী সঙ্গে তেহো চলিলন্ত॥
হেনমতে গৈয়া ৰাজনগৰক পাইলা।
আদি অন্ত কথা দূতে নৃপতিক কৈলা॥