পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰু-চৰিত
ষষ্ঠ খণ্ড
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ ওপৰত ব্ৰাহ্মণৰ বিদ্বেষ, নৰনাৰায়ণৰ ৰাজ-সভাত ধৰ্ম্ম-
বিচাৰ, শঙ্কৰদেৱৰ জয়লাভ, ৰত্নাৱলী গ্ৰন্থপ্ৰাপ্তি,
বেহাৰত বাস আৰু ধৰ্ম্ম প্ৰচাৰ

পদ

আত অনন্তৰে কথা শুনা সৰ্ব্বজন।
ধৰ্ম্মকাৰ্য্যে ব্যাঘাত আছয় সৰ্ব্বক্ষণ॥
শিলা আদি গ্ৰামে যত ব্ৰাহ্মণ আছয়।
শঙ্কৰৰ কথাত দুখ কৰে আতিশয়॥ ৩৪৪৯
ধৰ্ম্মৰ ব্যাঘাত কৰিবাক মন কৰি।
বহু চেষ্টা কৰি ধৰ্ম্ম যুদ্ধত নোৱাৰি॥
ৰাজাৰ আশ্ৰয় লৈলা ব্ৰাহ্মণসকলে।
তাৰ বিবৰণ শুনা আতি কৌতূহলে॥ ৩৪৫০
কালীপুজা কৰিলন্ত ব্ৰাহ্মণসকলে।
মূৰ্ত্তিগোট পেলাইলেক ধনুখুণ্ডা বিলে॥
পানীৰ পৰশে তাৰ মৃত্তিকা খসিল।
খেৰ মূৰ্ত্তিগোট পাচে ভাসিয়া উঠিল॥ ৩৪৫১
তাক দেখি বিপ্ৰসবে মূৰ্ত্তিক তুলিয়া।
ৰাখিলন্ত সেহি মূৰ্ত্তি ৰাজা আগে নিয়া।